Advertise here

Advetise banner

Thursday 7 December 2017


The TBA:  অচিৰেই ভাৰতীয় সেনাই পাব এয়াৰ কণ্ডিশ্যনড জেকেট । এই জেকেট উপলব্ধ হ'ব সেইসকল সেনাৰ বাবে যিসকলৰ নিয়োগ বিশেষ ভাৱে গৰম স্থানত হয় । অৱশ্যে ভাৰতীয় চৰকাৰৰ এই জেকেটৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে । কিন্তু কি সামগ্ৰী দি এই জেকেট তৈয়াৰ কৰা হৈছে এই সন্দৰ্ভত চৰকাৰে কোনোধৰণৰ তথ্য জানিবলৈ দিয়া নাই । ফৰ্মাৰ ডিফেন্স মিনিষ্টাৰ মনোহৰ পাৰিকৰে নিউজ এজেন্সী আই এ এন এচক জানিব দিয়ে যে ইয়াৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে আৰু এই সুবিধা অচিৰেই ভাৰতীয় সেনাক দিয়া হ'ব ।
 তেওঁ লগতে এইয়াও কয় যে স্পেচিয়েল ফৰ্চৰ অপাৰেশ্যনৰ প্ৰশিক্ষণত এজন সেনাই গৰমৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । এই জেকেট তেনেকুৱা পৰিস্থিতিত এক আৰামদায়ক বস্তুৰ কাম দিব ।
এই প্ৰযুক্তিবিদ্যা অৱশ্যে নতুন নহয় । আমেৰিকান সৈনিকে এই জেকেট বহু আগৰে পৰাই ব্যৱহাৰ কৰি আহিছে । আমেৰিকান সামৰিক বিভাগে কয় যে আমেৰিকান সৈনিক সকলে তেওঁলোকৰ সুৰক্ষা কৱচৰ তলত এই জেকেট পৰিধান কৰে । যাৰ বাবে তেওঁলোকে যথেষ্ট আৰাম অনুভৱ কৰে । জেকেটৰ ভিতৰত এটা সৰু বেটেৰী লগোৱা থাকে যিয়ে জেকেটৰ ইলেক্ট্ৰনিক চিষ্টেমক ইন্ধন যোগায় ।
এই চিষ্টেমে দেহৰ উষ্ণতা ১০ ৰ পৰা ১৫ ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে কমাব পাৰে ।

Comments 0

Advetise banner