Advertise here

Advetise banner

Wednesday 6 December 2017

The TBA:  বৰ্তমান সময়ত সমগ্ৰ পৃথিৱী নতুন নতুন ৰিচাৰ্ছৰ কামত লাগি আছে । ইয়াৰে এটা অত্যাধুনিক ৰিচাৰ্ছৰ কথা পোহৰলৈ আহিছে যাৰ নাম হৈছে চাইবাৰনেটিক্স (Cybernetics)। ইয়াৰ অৰ্থ হৈছে জন্তু আৰু ৰ'বটৰ সংমিশ্ৰণ । জন্তু আৰু ৰ'বটে নিজৰ মাজত কেনেকৈ যোগাযোগ কৰে, কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ইয়াৰ ওপৰত চাইবাৰনেটিক্সৰ ৰিচাৰ্ছ চলি আছে । আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টাৰ্ম টোও চাইবাৰনেটিক্সৰে অন্তৰ্গত ।
যদি আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কি নাজানে তেন্তে চমুকৈ কৈ থও । ই হৈছে মানুহৰ দ্বাৰা নিৰ্মিত যান্ত্ৰিক মগজু । ফেচবুকৰ নিজা মগজু আছে বুলি কোৱা হয় । কিয় জানেনে ? ফেচবুক ৱেবচাইটৰ মেনেজমেণ্ট কৰাত সকলো সময়তে মানুহ লাগি নাথাকে। ফেচবুকক বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত চোৱা চিতা কৰা হয় । ফেচবুকে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক আৰু উন্নত কৰাৰ চেষ্টা চলায় যদিও বিফল হয় । দেখা যাওক ভৱিষ্যতে কি হয় ।
চাইবৰ্গ (Cyborg) টাৰ্ম টোৰ বিষয়ে বহুতে হয়তো জানে । যদি এজন মানুহৰ হাত এখন নাই আৰু তাৰ ঠাইত এখন ৰ'ব'টিক হাত লগতাই দিয়া হয়, যি খন হাতে সাধাৰণ মানুহৰ হাতৰ দৰেই কাম কৰে তেন্তে সেই মানুহ জনক বা সেই প্ৰজেক্টক নাম দিয়া হব চাইবৰ্গ । চাইবৰ্গ কেইবছৰ মান আগলৈকে কাল্পনিক আছিল যদিও বৰ্তমান সময়ত ই যথেষ্ট সচালৈ পৰিণত হৈছে । অৱশ্যে ইয়াক কল্পনাত যিমান উন্নত দেখা গৈছে ই ইমান উন্নত হোৱা নাই ।
যদি আপোনাৰ শৰীৰত পেচমেকাৰ বহোৱা আছে তেন্তে হয়তো আপোনাকো চাইবৰ্গ কোৱা হ'ব । আপুনি কাণেৰে ক'ম শুনে আৰু আপুনি কোনো কাণৰ মেশ্যিন ব্যৱহাৰ কৰে তেন্তে সেইয়াও চাইবৰ্গ । এক কথাত - যিকোনো যন্ত্ৰ যিয়ে আপোনাৰ শৰীৰক সক্ষম কৰি তোলে, তাকেই চাইবৰ্গ বোলা হয় । এইয়াও চাইবাৰ্নেটিক্সৰে অংশ ।
চাইবাৰনেটিক্সৰে এটা অংশ ৰচ্চ-ব'ট প্ৰজেক্টৰ ওপৰত গৱেষক সকলৰ ৰিচাৰ্ছ যথেষ্ট দূৰ আগবাঢ়িছে । এই প্ৰজেক্টত পঁইতাচোৰাৰ গাত চাৰ্জাৰীৰ যোগেদি মাইক্ৰ' চিপ লগোৱা হয় যাৰ যোগেদি পঁইতাচোৰাটোক ৰিম'টৰ যোগেদি নিয়ন্ত্ৰণ কৰিব পাৰি । ইয়াক ক'ব পাৰি ক'ক্ৰজ-বট , মানে আধা পঁইতাচোৰা আৰু আধা ৰ'ব'ট ।
ই হয় কেনেকৈ? মানৱ দেহৰ ভিতৰৰ অংশক মেশ্যিন বুলিয়েই ক'ব পাৰি । ঠিক তেনেকৈ পঁইতাচোৰাৰো ভিতৰৰ শৰীৰৰ প্ৰণালী মেশ্যিনৰ লগত তুলনা কৰিব পাৰি । যেতিয়া পঁইতাচোৰাৰ গাত চাৰ্জাৰীৰ জৰিয়তে কম্পিউটাৰ চিপ বহাই দিয়া হয় , তেতিয়া কম্পিউটাৰ চিপে পঁইতাচোৰাৰ নাৰ্ভ চিষ্টেম, আৰু মগজুক নিজৰ নিয়ন্ত্ৰণত আনি লয় । ৰি'মটৰ পৰা যেতিয়া কোনো নিৰ্দেশ পঠোৱা হয় তেতিয়া কম্পিউটাৰ চিপে সেই নিৰ্দেশ ছিগনেলৰ ৰুপত পঁইতাচোৰাৰ মগজুলৈ প্ৰেৰণ কৰে ।
এইয়া মানুহৰ ওপৰত প্ৰয়োগ কৰিব পৰা যাবনে ? পৰা যাব কিন্তু ই অবৈধ । কোনো মানুহক ধৰি আনি তাৰ ভিতৰত মেশ্যিন বহাই দিয়া অমানৱীয় কাম আৰু কোনো দেশৰ আইনে এইয়া বৈধ বুলি মানি ন'লব ।

Comments 0

Advetise banner