Advertise here

Advetise banner

Tuesday 5 December 2017


The TBA:  এটা ইণ্টাৰনেট ব্ৰাউজাৰ যিটো বৰ্তমান সময়তো বহুতো ভাৰতীয় লোকে ব্যৱহাৰ কৰি আছে । যাৰ ডাউনল'ড স্পীড বহুত ভাল বুলি জনপ্ৰিয় । কিন্তু সেই ব্ৰাউজাৰ টো ম'বাইলত ইনষ্টল দি গাখীৰ খুৱাই সাপ পোহাৰ দৰে কাম কৰা হৈছে । ইয়াৰ নাম হৈছে UC Browser । এই চাইনীজ ব্ৰাউজাৰে বিভিন্ন সুবিধা দিয়াৰ নামত প্ৰাইভেট ডাটা সংগ্ৰহ কৰে । এই ব্ৰাউজাৰ টো ইতিমধ্যে বহুতো দেশত বেন্‌ড কৰা হৈছে কিন্তু আৰ্শ্চয্যৰ বিষয় এয়ে যে ভাৰতত ই এতিয়ালৈকে বেন্‌ড হোৱা নাই ।
UC Browser অক লৈ বহুতো ইছ্যু আগৰে পৰাই আহি আছিল । ইয়াক গুগল প্লে-ষ্টৰৰ পৰা আতৰাই দিয়া হৈছিল কিন্তু ইয়াক প্লে-ষ্টৰত আকৌ দেখা গৈছে ।
কেৱল Uc Browser য়েই নহয়, ২০১৭ চনত কিছুমান চাইনীজ এপ্লিকেশ্যনৰ এখন লিষ্ট তৈয়াৰ কৰা হৈছে যিবোৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ ভাৰতীয় সেনাক নিৰ্দেশ দিয়া হৈছে । অতি জনপ্ৰিয় এপ্লিকেশ্যন  True Caller ও এই লিষ্টৰ পৰা বাদ পৰি যোৱা নাই । যদিও True Caller চাইনীজ এপ্লিকেশ্যন নহয় ই ছুইডেন বেচ্‌ড হে হয় তথাপি ইয়াৰ কাম কৰাৰ ধৰনক চাই লিষ্টত ৰখা হৈছে । যিহেতু  True Caller এ কল ৰেকৰ্ড্‌চ আৰু কণ্টেক্ট লিষ্ট সংগ্ৰহ কৰে সেয়ে এই এপ্লিকেশ্যনকো সন্দেহৰ আৱৰ্তত ৰখা হৈছে ।
আপোনালোকে হয়তো ভাবিছে যে ঠিক আছে সামৰিক বিভাগৰ প্ৰাইভেট ডাটা থাকিব পাৰে যেনে গোপন খবৰ, মিছনৰ প্লেন ইত্যাদি কিন্তু আমিতো সাধাৰণ মানুহ । বেংক একাউণ্ট পাছৱৰ্ড বাদ দি কি প্ৰাইভেট ডাটা থাকিব পাৰে । আপোনালোকে ডাটা মাইনিং অৰ বিষয়ে জানে নে ? যদি নাজানে কমেণ্ট কৰক, মই পিছত বহলাই লিখিবলৈ চেষ্টা কৰিম । তথাপি বুজিবৰ বাবে সৰু কৈ কৈ থও । ডাটা মাইনিং হৈছে প্ৰাইভেট ডাটাৰ বজাৰ । এজন হেকাৰে আপোনাৰ প্ৰাইভেট ডাটা চুৰি কৰাৰ দুটা কাৰণ থাকিব পাৰে , আপোনাক অপকাৰ কৰা বা সেই ডাটা বিক্ৰী কৰা ।
আপুনি আপোনাৰ ব্ৰাউজাৰত কি কি ব্ৰাউজ কৰিছে, আপুনি ইণ্টাৰনেটত কি কি বস্তুৰ ওপৰত ইণ্টাৰেষ্ট দিয়ে , এই খিনিও আপোনাৰ প্ৰাইভেট ডাটাৰ ভিতৰতে পৰে । এটা কম্পেনীৰ বাবে তেওঁলোকৰ কাষ্টমাৰক বুজিবলৈ এই প্ৰাইভেট ডাটা খুবেই প্ৰয়োজনীয় যাতে কম্পেনী টোৱে ভাল প্ৰডাক্ট উলিয়াব পাৰে । কেনেধৰণৰ কম্পেনীয়ে এনে ডাটা কিনিব পাৰে সেইয়া আপুনি নিজে ভাবি উলিয়াওক । কম্পেনী সমূহৰ লক্ষ্য আপোনাক অপকাৰ কৰা নহয় আপোনাক বুজা আৰু আপোনাৰ পছন্দৰ প্ৰডাক্ট আপোনাৰ আগত উপস্থাপন কৰা । নহলে UC Browser অত খোলা আপোনাৰ ফেচবুক একাউণ্ট কেতিয়াবাতে হেক হ'ল হেতেন ।
আপোনাক কৈ থওঁ যে ডাটা মাইনিং অত বহুত টকা আছে । কেৱল সামৰিক বিভাগৰে সাৱধান হোৱাৰ প্ৰয়োজন নহয় । আমি সাধাৰণ মানুহৰো সাৱধান হোৱা প্ৰয়োজন । কি ঠিক আছে , আমাৰ কি ডাটাই আমাক ভৱিষ্যতে বিপদত পেলাব পাৰে ।
ভাৰতীয় সামৰিক বিভাগে তৈয়াৰ কৰা লিষ্টখন তলত দিয়া হৈছে । যদি আপোনাৰ ওচৰত লিষ্টৰ কোনো এপ্লিকেশ্যন ইনষ্টল আছে তেন্তে আজিয়েই আন ইনষ্টল কৰক । এই পষ্ট টি সকলোতে চেয়াৰ কৰি সাৱধান কৰক আৰু অসম বাসীক টেক্‌ন'লজিৰ কিছু আভাস পাব দিয়ক । যিহেতু অসমবাসীয়ে টেকন'লজিৰ খবৰ বহু দেৰিকৈয়ে পায় । এতিয়া দেখা যাওক গুগলে এই এপ্লিকেশ্যন বোৰৰ ওপৰত কি একশ্যন লয় ।

লিষ্ট :
  1. Mi Store                                                     
  2. WeChat
  3. Q browser
  4. Webo
  5. True Caller
  6. UC News
  7. UC brwoser
  8. Beauty Plus
  9. News Dog
  10. Viva Video
  11. Qu Video
  12. Parallel Space
  13. Apus browser
  14. Virus Cleaner (High security lab)
  15. CM browser
  16. Mi Community
  17. Du recorder
  18. Vault hide
  19. You cam
  20. Makeup
  21. Cache Clear
  22. Shareit
  23. Du Apps Studio
  24. Du battery saver
  25. Du Cleaner 
  26. Du privacy
  27. 360 Security
  28. Du browser
  29. Clean Master(Chetah)
  30. Baidu translate
  31. Baidu Map
  32. Wonder Camera
  33. Es file explorar
  34. Photo wonder
  35. QQ International
  36. QQ Music
  37. QQ Mail
  38. QQ Player
  39. QQ news feed
  40. QQ security center
  41. Selfie City
  42. Mail Master
  43. Mi Video Call Xiaomi
  44. QQ launcher

Comments 0

Advetise banner