Advertise here

Advetise banner

Monday 4 December 2017


 The TBA: যদি আপোনাৰ ওচৰত আইফোন বা এনড্ৰইড স্মাৰ্টফোন আছে তেন্তে সাৱধান , আমেৰিকা স্পাই এজেন্সীৰ চোৰাংচোৱাই আপোনাৰ স্মাৰ্টফোন হেক কৰিব পাৰে, আপোনাৰ কল ৰেকৰ্ডচ্‌ আৰু মেচেজৰ ওপৰত চকু ৰাখিব পাৰে, লগতে আপোনাৰ ম'বাইল কেমেৰা আৰু মাইক্ৰ'ফোনৰ জৰিয়তে আপোনাৰ ওপৰত স্পাই চলাব পাৰে ।
এক নামী ৱেবচাইট ৱাই-কি-লিকচ্ এ ২০১৬, মাৰ্চ ৭ অত আমেৰিকা স্পাই এজেন্সীৰ পৰা লিক হোৱা হাজাৰৰো অধিক ডকুমেণ্টচ্‌ আপলোড কৰে ।
চি আই এ ম'বাইল ডিভাইচ ব্ৰান্সে কিছুমান এনে ধৰণৰ ভাইৰাচ তৈয়াৰ কৰিছে যে যিয়ে জনপ্ৰিয় স্মাৰ্টফোন সমূহক ৰিমট্‌লি হেক আৰু নিয়ন্ত্ৰণ কৰিব পাৰে । এক প্ৰেচ ৰিলিজত ৱাই- কি- লিকচ্‌ এ কয় যে " ইনফেক্ট হোৱা স্মাৰ্টফোন বোৰক এনেদৰে নিৰ্দেশ দিব পৰা যায় যে ফোনৰ গৰাকীৰ লোকেশ্যন, অডিঅ' আৰু টেক্সট বাৰ্তালাপ চি আই এ লৈ প্ৰেৰণ কৰে। লগতে এই ভাইৰাচৰ যোগেদি স্মাৰ্টফোনৰ কেমেৰা আৰু মাইক্ৰ'ফোনৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিব পৰা যায় ।"
লগতে ৱাই কি লিকচ্‌ এ এইয়াও কয় যে "কাহানিও হেক কৰিব নোৱাৰা Apple প্ৰডাক্টচ্‌ যেনে Iphone, Ipad সমূহৰ বাবেও চি আই এৰ এক বিশেষ গ্ৰূপে বিশেষ ভাইৰাচ তৈয়াৰ কৰিছে ।"
চাইবাৰ চিকিউৰিটি এক্স্পাৰ্ট  Matt Blaze , director of the University of pennsylvania's Distributed System Labটুইটাৰত এক টুইটৰ যোগেদি উপদেশ দিয়ে যে "ফোনৰ চফটৱেৰ ৰেগুলাৰ আপডেট দিয়ক, অপ্ৰয়োজনীয় এপ্লিকেশ্যন ইনষ্টল দিয়াৰ পৰা বিৰত থাকক আৰু চি আই এৰ লক্ষ্য হব পৰা যিকোনো কাম কৰাৰ পৰা আতৰত থাকক ।  "
ৱাই কি লিক্‌চ এ এইয়াও কয় যে এনক্ৰিপ্টেড মেচেজিং  এপচ্‌ যেনে  Whatsapp,Signal, Telegram, Wiebo, Confide, Cloackman আদিও চি আই এৰ হেকাৰে অতি সহজে হেক কৰি লব পাৰে ।
ৱাই কি লিকচ্‌ অৰ এই ৰিপৰ্ট সমূহত চি আই এৰ বিষয়া সকলে মন্তব্য দিবলৈ অমান্তি হৈছে যিয়ে এই কথা সচা বুলি প্ৰমাণিত কৰে ।
এনড্ৰইড অপাৰেটিং চিষ্টেম নিয়ন্ত্ৰণ কৰা গুগলে আৰু লগতে এপ্পোল আৰু Whatsapp য়েও এই ৰিপৰ্ট সমূহত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই । সকলো যেন নিমাতী কন্যালৈ পৰিণত হৈছে ।
ৱাই কি লিকচ্‌ এ কয় যে চি আই এ য়ে টেলিভিজনৰ লগতে অত্যাধুনিক প্ৰযুক্তিবিদ্যা সম্পন্ন কাৰ আৰু ট্ৰাকৰ ওপৰতো নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ ২০১৪ অৰ পৰাই প্ৰচেষ্টা চলাই আহিছে ।

Comments 0

Advetise banner