Advertise here

Advetise banner

Monday 4 December 2017


The TBA: Ghost Net হৈছে চীনৰ দ্বাৰা তৈয়াৰী এক বৃহৎ নেটৱৰ্ক যিটো বেলেগ দেশত স্পাই চলাবৰ কাৰণে নিৰ্মান কৰা হৈছে । এই চোৰাংচোৱা নেটৱৰ্কৰে ক’ডনেম হৈছে  Ghost Net । চীনৰ এই প্ৰ্জেক্টে প্ৰায় ১০৩ খন দেশক ইনফেক্টেড কৰিছে  আৰু প্ৰতি সপ্তাহতে প্ৰায় ১২ টাকৈ কম্পিউটাৰ ইয়াৰ চিকাৰ হয় । Ghost Net প্ৰথম ধৰা পৰিছিল দালাই লামাৰ ভাৰতত  অৱস্থিত কাৰ্য্যালয়ৰ কম্পিউটাৰত।
Ghost Net নিৰ্মান কৰাৰ মূল কাৰণ হৈছে কোনো দেশৰ শাসন ব্যৱস্থা আৰু এম্বেছি সমূহৰ ওপৰত চকু ৰখা । কিছু স্ংখ্যক লোকৰ মতে এইয়া চীনৰ ভৱিষ্যতৰ ‘ইনফৰ্মেশ্যন ৱাৰ’ ৰ এক তৈয়াৰী । টৰ’ন্তোৰ Munk Center  for International Studies অৰ ১০ মাহ জোৰা তদন্তৰ মূৰত  এই কথা পোহৰলৈ আহে যে Ghost Net এ কেৱল ইনফৰ্মেশ্যন বা ই-মেইল সংগ্ৰহ নকৰে , ই কম্পিউটাৰক এটা ইয়াৰ কথা শুনা চাকৰলৈ পৰিণত কৰি পেলায় । এবাৰ Ghost Net এ কম্পিউটাৰ টোক ইনফেক্ট কৰাৰ পিছত চীনৰ হেকাৰে কম্পিউটাৰৰ ৱেব কেমেৰা আৰু মাইক্ৰফোন নিজৰ নিয়ন্ত্ৰনত আনি লব পাৰে ।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এটা ৰিপৰ্ট মতে  এই চাইবাৰ এটেক যথেষ্ট ধংসাত্মক আৰু দেশৰ শাসন ব্যৱস্থা আৰু সামৰিক ব্যৱস্থাৰ বাহিৰৰ কম্পিউটাৰ বিলাক হে হয়তো এই এটেকৰ পৰা বাচি থাকিব পাৰিছে ।
 এই ৰিপৰ্টে বেইজিং চৰকাৰক পোনপতীয়াকৈ জগৰীয়া কৰা নাই যদিও কয় যে বেছিভাগ এটেক চীন দেশৰ পৰাই আহিছে । কিন্তু এই কথা এতিয়াও স্পষ্ট হোৱা নাই যে এই এটেকৰ আঁৰত চীন চৰকাৰৰ পোনপতীয়া হাত আছে নে চীন দেশৰ ভিতৰুৱা কোনো হেকাৰ দলৰ কাম ।


যি কি নহওক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে চীন চৰকাৰক সাৱধান কৰি দিয়ে যে তেওঁলোকে ইলেক্ট্ৰনিক যুদ্ধৰ সা- সৰঞ্জাম নিৰ্মানত অলপ বেছিয়েই গুৰুত্ব দিছে । কিয়নো আমেৰিকাৰ আটাইতকৈ সুৰক্ষিত সেনাৰ বেছ , পেণ্টাগনৰ এটা ৰিপৰ্টৰ মতে কিছু বছৰৰ পৰা চীনে পাৰমানৱিক, মহাকাশ আৰু চাইবাৰ ৱাৰৰ ক্ষমতা বঢ়োৱাত বেছি গুৰুত্ব দিব ধৰিছে ।
চীনৰ চৰকাৰে কেতিয়াবাৰ পৰাই পৃথিৱীৰ সকলো দেশৰ সামৰিক আৰু শাসন ব্যৱস্থাৰ গুপুত ইনফৰ্মেশ্যনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰখাৰ সপোন দেখি আহিছিল । অৱশেষত দশম National People`s Congress, 2003 ত চীনৰ সামৰিক চৰকাৰে “Information Warfare Units” নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে । জেনেৰেল ডাই কুইংমিনে কয় যে শত্ৰু দেশৰ কোনোধৰণৰ সামৰিক  গতি বিধি চকুত পৰিলেই এই  ইণ্টাৰনেট এটেক চলোৱা হব ।

কিন্তু ২০০৯ চনত চীন চৰকাৰে চাইবাৰ- চোৰাংচোৱা কামত তেওঁলোকৰ কোনো ধৰণৰ হাত নাই বুলি উল্লেখ কৰে । লিউ ৱেইমিন, লণ্ডন চাইনীজ  এম্বেচিৰ এজন ৰাজদূত, তেওঁ কয় যে বেইজিং চৰকাৰো এই চাইবাৰ এটেকৰ চিকাৰ হৈছে ।

Comments 0

Advetise banner