Advertise here

Advetise banner

Sunday 3 December 2017


The TBA:  কিছুদিন আগত এটা নিউজে তোল পাৰ লগাইছিল যে One plus নামৰ ম'বাইল ফ'ন কম্পেনিটোৱে তেওলোকৰ ফ'ন ব্যৱহাৰ কৰা সকলৰ ডাটা লিক কৰিছিল। কিন্তু কম্পেনিটোক এইবিষয়ে সোধাত ক'লে যে তেওঁলোকে মাত্ৰ এনেকুৱা ডাটাহে লয় যি ডাটাই তেওঁলোকৰ প্ৰডাক্টক ইমপ্ৰূভ কৰাত সহায় কৰে । এইয়া কোনো পুৰণা কথা নহয় । কেৱল মবাইল ফ'নেই নহয় চফ্‌টৱেৰ বোৰেও এনেকৈ ডাটা সংগ্ৰহ কৰে । কিন্তু ডাটা সংগ্ৰহ কৰাৰ কি সীমা আছে, কিমানলৈকে ই সুৰক্ষিত, কি পলিচি আছে এইবিষয়ে জনাটো আপোনাৰ প্ৰয়োজন । বহুতো  নামী দামী চফটৱেৰেও এনেকৈ ব্যৱহাৰকাৰীৰ ডাটা সংগ্ৰহ কৰে । উদাহৰন স্বৰুপে, আপুনি ব্যৱহাৰ কৰি থকা স্মাৰ্টফ'ন টোৰ এনড্ৰইড চফ্‌টৱেৰে, কম্পিউটাৰৰ Microsoft Windows অপাৰেটিং চিস্‌টেমে, মজ্জিলা ফায়াৰফক্সে আপোনাৰ ডাটা কম্পেনিলৈ প্ৰেৰণ কৰে । কিন্তু কোনবোৰ ডাটা প্ৰেৰণ কৰে? চফ্‌টৱেৰে বা স্মাৰ্টফ'নে সকলোসময়তে এনালাইজ কৰি থাকে যে আপুনি স্মাৰ্টফ'ন বা চফ'টৱেৰ টো কি ধৰণে ব্যৱহাৰ কৰিছে, কোন ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰাত অসুবিধা পাইছে । এই এনালাইজ্‌ড ডাটা চফ্‌টৱেৰে কম্পেনিলৈ প্ৰেৰণ কৰে যাতে আপুনি সন্মুখীন হোৱা অসুবিধাৰ সমাধান কৰিব পৰা যায় । কিন্তু আপোনাৰ ক'ল ৰেকৰ্ড, আপোনাৰ কনটেক্ট লিস্‌ট, আপুনি ইনটাৰনেটত কি চাৰ্ফ কৰিছে, আপুনি কেমেৰাৰে কি কৰি আছে ; এনেধৰণৰ ডাটা স্ংগ্ৰহ কৰা অবৈধ আৰু এনে কাম কোনো কম্পেনিয়ে কৰিব নোৱাৰে ।
কি ডাটা লব পাৰে ? আপোনাৰ ম'বাইলৰ বেটেৰী কিমান সোনকালে শেষ হৈছে, আপোনাৰ ম'বাইল ফ'ন টোৱে কি এপ্লিকেশ্যন চলাব পৰা নাই, ক'ত ক'ত হেং হৈছে , ফিংগাৰ প্ৰিন্‌ট চেন্সৰে কেতিয় কেতিয়া কাম কৰা নাই ; এনেধৰণৰ টেক্‌নিকেল ডাটা যি ডাটা এজন ডেভেলপাৰৰ বাবে জনা দৰকাৰ যাতে এনেধৰণৰ অসুবিধাক আতৰাব পৰা যায়, ইম্‌প্ৰূভ কৰিব পৰা যায় । উদাহৰণ স্বৰুপে ডেভেলপাৰ সকলে সকলো ডাটাক পুনৰ এনালাইজ কৰি চাব যে আমাৰ কম্পেনিৰ ৯০% মবাইল ডিভাইচত এনেকুৱা কন্‌ডিশ্যনত বেটেৰী খুব সোনকালে শেষ হয় গতিকে দ্বিতীয় বাৰৰ আপডেটত এই অসুবিধাক আতৰ কৰা যাওক। কিন্তু জি পি এচৰ সহায় লৈ আপুনি ক'ত গৈছে, আপোনাৰ বয়স কিমান; এইবোৰ ডাটা লোৱাটো অবৈধ । এইবোৰ ডাটাও লব পাৰে যদিহে আপুনি পাৰ্‌মিশ্যন দিয়ে । আপোনাক সোধা হয় যে এই এপ্লিকেশ্যন টোৱে এইখিনি পাৰমিশ্যন লব বিচাৰিছে আৰু যদি আপুনি পাৰ্‌মিশ্যন নিদিয়ে তেন্তে এপ্লিকেশ্যন টোৱে আতৰি দিব । যদিহে আপোনাৰ বিনা পাৰ্‌মিশ্যনত এই ডাটা লোৱা হৈছে তেন্তে আপুনি কম্পেনিটোৰ বিৰুদ্ধে কমপ্লেইন কৰিব পাৰে । One Plus কম্পেনিৰ বিৰুদ্ধে এইয়াই কম্‌প্লেইন আহিছিল যে তেওঁলোকে লব নলগীয়া ডাটাও সংগ্ৰহ কৰিছে কিন্তু কম্পেনিটোৱে এই কথা প্ৰত্যাহাৰ কৰিছে যে তেওঁলোকে কোনোধৰণৰ অবৈধ ডাটা সংগ্ৰহ কৰা নাই ।
                 তেন্তে আপুনি নিশ্চয় গম পালে যে কোনবোৰ ডাটা স্মাৰ্টফ'ন বা চফটৱেৰে লয় আৰু কোনবোৰ ডাটা লয় । আপুনি এতিয়া নিশ্চয় সতৰ্ক হব পাৰিব কিন্তু আপুনি যদি আপোনাৰ ম'বাইল ফ'নত বা কম্পিউটাৰত নাম থকা বা চাৰ্টিফাইদ চফটৱেৰ চলোৱা নাই তেন্তে সেইয়া আপোনাৰ ৰিস্ক । বহুতো লোকে তেওঁলোকৰ কম্পিউটাৰত উইন্দজৰ ক্ৰেক্‌দ ভাৰ্শ্যন চলায় বা কিবা কিবি চফ্‌টৱেৰ ব্যৱহাৰ কৰি উইন্দ'জ এক্টিভেট কৰি লয় যিটো বহুতেই অসুৰক্ষিত কাম । এইবোৰ চ্‌ফটৱেৰত ভাইৰাচ থাকিব পাৰে যিবোৰে আপোনাৰ পাৰ্চনেল ইনফৰ্মেশ্যন চুৰি কৰিব পাৰে । এইক্ষেত্ৰত এনটিভাইৰাচেও একো কৰিব নোৱাৰে কাৰণ য'ত ই চলি আছে তাৰ গুৰিটেই ভাইৰাচ আছে । গতিকে এনেকুৱা ফ্ৰী বস্তু নচলাব। তাতকৈ কেইটকামান দি কিনি লওক । কিনি লোৱা ভাৰ্শ্যনত আপুনি ৰেগুলাৰ চিকিউৰিটি আপডেট ও পাই থাকিব ।

Comment 1

Advetise banner